উৎসৱ – পাৰ্বণ
১) প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?
উত্তৰ : বিহু।
২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?
উত্তৰ : অসমীয়া নৱবৰ্ষ।
৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?
উত্তৰ : টুচু-পূজা।
৪) প্ৰশ্ন : ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?
উত্তৰ : বাইখো।
৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?
উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।
৬) প্ৰশ্ন : কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?
উত্তৰ : নিপ বৰুৱা।
৭) প্ৰশ্ন : কামাখ্যা দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক’ শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?
উত্তৰ : অম্বুবাচী মেলা।
৮) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?
উত্তৰ : বিহু।
৯) প্ৰশ্ন : মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?
উত্তৰ : ভেলা ঘৰ।
ৰীতি – নীতি, পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাস সমূহ
১) প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?
উত্তৰ : গামোছা।
২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়?
উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা।
৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি?
উত্তৰ : ধুতি – চুৰিয়া।
৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ প্ৰধান সাজ-পোছাক কি?
উত্তৰ : মেখেলা – চাদৰ।
৫) প্ৰশ্ন : বিহু নৃত্য পৰিবেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে?
উত্তৰ : গামখাৰু।
৬) প্ৰশ্ন : অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত আত্মীয় – স্বজনক কিদৰে শুভেচ্ছ জনায়?
উত্তৰ : গামোছাৰে।
৭) প্ৰশ্ন : সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰ : ২০০০ চনত।
৮) প্ৰশ্ন : বিশেষকৈ মাঘৰ বিহুত চাউলৰ গুড়িৰে কি বনোৱা হয়?
উত্তৰ : পিঠা।
৯) প্ৰশ্ন : অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশু জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসটোৰ নাম কি?
উত্তৰ : গাননি।
১০) প্ৰশ্ন : অসমৰ প্ৰধান লোক-সংগীত সমূহৰ নাম কি কি?
উত্তৰ : আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰুপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ-জাৰী ইত্যাদি।
১১) প্ৰশ্ন : অসমৰ মুখ্য লোক নৃত্য সমূহৰ নাম কি কি?
উত্তৰ : বিহু নৃত্য, সূত্ৰধাৰী নৃত্য, সত্ৰীয়া নৃত্য, বাগৰুম্বা, ওজাপালি, দেৱদাসী, দেওধানী, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্য, মিচিং বিহু, দেউৰী নৃত্য ইত্যাদি।
১২) প্ৰশ্ন : ‘চুড়াকৰণ’ কি?
উত্তৰ : অসমীয়া ব্ৰাহ্মণ আৰু আন উচ্চ হিন্দু খাপৰ ল’ৰাৰ জন্মৰ আঢ়ৈ বছৰ মান বয়সত মূৰৰ সকলো চুলি খুৰাই মাজ মূৰত সৰু চুলি একোছা ৰখাৰ সংস্কাৰটোৱেই হৈছে চুড়াকৰণ।
১৩) প্ৰশ্ন : গামোছা কি?
উত্তৰ : অসমীয়া মহিলা শিপিনীয়ে বোৱা এক ধৰণৰ কাপোৰ। অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত গামোছাৰে আত্মীয় স্বজনক শুভেচ্ছা জনায়।
১৪) প্ৰশ্ন : অসমীয়া সমাজত কোন কেইটা তিথিত আমিষ ভোজন নিষেধ?
উত্তৰ : অমাৱস্যা, পূৰ্ণিমা আৰু একাদশী।
১৫) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল?
উত্তৰ : ভক্তি।
১৬) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ : ১৪৪৯ চনত।
১৭) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপাল দেৱৰ দ্বাৰা অসমত কিমান খন সত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : ১২ খন।
১৮) প্ৰশ্ন : অসমীয়া সমাজত কিহক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়?
উত্তৰ : মাছ।
১৯) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ হয়?
উত্তৰ : ১১৯ বছৰ।
২০) প্ৰশ্ন : শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
উত্তৰ : একশৰণ বৈষ্ণৱ ধৰ্ম।
২১) প্ৰশ্ন : মাধৱদেৱ কোন আছিল?
উত্তৰ : শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱেৰ মৃত্যুৰ পাছত মাধৱদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ গুৰি বঠা ধৰিছিল।
২২) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠান সমূহ কি কি?
উত্তৰ : সত্ৰ আৰু নামঘৰ।
২৩) প্ৰশ্ন: শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰ : নগাঁৱৰ বৰদোৱা বা বটদ্ৰৱাত।
২৪) প্ৰশ্ন : অসমৰ সত্ৰ সমূহৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ।
২৫) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ ক’ত বৈকুণ্ঠ প্ৰয়াণ হয়?
উত্তৰ : কোচবিহাৰ (বৰ্তমান পশ্চিমবংগ)।